Publicidade

Gênesis 50

1 তেতিয়া যোচেফে তেওঁৰ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰিল, আৰু কান্দি কান্দি তেওঁক চুমা খালে। 2 পাছত যোচেফে তেওঁৰ বাপেকৰ মৃতদেহ সুগন্ধিদ্ৰব্যযুক্ত কৰি ৰাখিবলৈ, তেওঁৰ দাস চিকিৎসকসলক আজ্ঞা দিলে; তাতে চিকিৎসকসকলে ইস্ৰায়েলৰ দেহ সুগন্ধিদ্ৰব্যযুক্ত কৰিলে। 3 তেওঁলোকে এই কাৰ্যত চল্লিশ দিন সময় ল’লে; কিয়নো সেই কাৰ্য কৰিবলৈ ইমান দিনেই প্ৰয়োজন হয়। পাছত মিচৰীয়াসকলে তেওঁৰ কাৰণে সত্তৰ দিন শোক কৰিলে।

যাকোবক মৈদাম দিয়া। যোচেফৰ মৃত্যু।

4 সেই শোকৰ দিন অতীত হোৱাৰ পাছত, যোচেফে ফৰৌণৰ অধিকাৰীসকলক ক’লে, "মই যদি আপোনালোকৰ আগত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহলে বিনয় কৰোঁ, ফৰৌণৰ ওচৰত এই কথা কওক যে, 5 ‘মোৰ পিতৃয়ে মোক শপত কৰাই কৈছিল, চোৱা, মই এতিয়া মৰোঁহে; কনান দেশত মই মোৰ নিজৰ অৰ্থে খান্দি থোৱা মৈদামতেই তুমি মোক মৈদাম দিবা’। এতেকে, মই বিনয় কৰোঁ, এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক; পাছত মই পুনৰ ঘূৰি আহিম’।" 6 তেতিয়া ফৰৌণে ক’লে, "যোৱা; তোমাৰ পিতৃয়ে তোমাক শপত কৰোঁৱাৰ দৰেই তুমি তেওঁক মৈদাম দিয়াগৈ।"

7 তেতিয়া যোচেফে তেওঁৰ বাপেকক মৈদাম দিবলৈ যাত্ৰা কৰিলে; তাতে ফৰৌণৰ পাত্ৰমন্ত্ৰীসকল, তেওঁৰ ঘৰৰ বৃদ্ধসকল, মিচৰ দেশৰ সকলো বৃদ্ধ লোক, 8 যোচেফ আৰু তেওঁৰ আটাই পৰিয়াল, তেওঁৰ ভায়েক-ককায়েকসকল, আৰু বাপেকৰ পৰিয়ালো তেওঁৰ লগত গ’ল; তেওঁলোকে কেৱল নিজৰ ল’ৰা-তিৰোতা আৰু মেৰ, ছাগ, আৰু গৰু আদিৰ জাকবোৰহে গোচনত এৰি গ’ল। 9 তেওঁৰ লগত ৰথ, আৰু অশ্বাৰোহীসকল গ’ল। এইদৰে সকলো মিলি এটা অতি বৃহৎ দল হ’ল।

10 পাছত তেওঁলোকে গৈ যৰ্দ্দনৰ সিপাৰে থকা আটদৰ মৰণা মৰা ঠাই পালে, সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহা-বিলাপেৰে বিলাপ কৰিলে। 11 তাতে সেই দেশ নিবাসী কনানীয়াসকলে আটদৰ মৰণা মৰা ঠাইত এইদৰে শোক কৰা দেখি ক’লে, "মিচৰীয়াসকলৰ এয়ে অতি দাৰুণ শোক।" এই হেতুকে যৰ্দ্দনৰ সিপাৰে থকা সেই ঠাই আবেল-নিশ্ৰিয়াম নামেৰে প্ৰখ্যাত হ’ল।

12 পাছত যাকোবে নিজৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কৰিলে। 13 তেওঁৰ পুত্ৰসকলে তেওঁক কনান দেশলৈ লৈ গ’ল আৰু মম্ৰিৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ যি গুহা আছিল, তাতে মৈদাম দিলে। অব্ৰাহামে পথাৰে সৈতে সেই গুহা মৈদাম দিবৰ বাবে কিনিছিল। তেওঁ হিত্তীয়া ইফ্রোণৰ পৰা সেই ঠাই কিনি লৈছিল। 14 বাপেকক মৈদাম দিয়াৰ পাছত যোচেফ আৰু তেওঁৰ ভায়েক-ককায়েকসকলৰ লগতে বাপেকক মৈদাম দিবলৈ তেওঁলোকৰ লগত অহা সকলো লোক মিচৰদেশলৈ উভতি গ’ল।

15 পাছত যোচেফৰ ককায়েকসকলে দেখিলে যে তেওঁলোকৰ পিতৃৰ মৃত্যু হ’ল, সেয়ে তেওঁলোকে ক’লে, "যদি যোচেফে ঘৃণা কৰে, আৰু আমি তেওঁলৈ যি যি অন্যায় কৰিছিলোঁ, তাৰ যদি প্ৰতিফল আমাক দিয়ে?" 16 সেয়ে তেওঁলোকে যোচেফলৈ বার্তা পঠালে, আৰু ক’লে, "তোমাৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ আগেয়ে এই আদেশ দিছিল, যে, 17 তোমালোকে যোচেফক এইদৰে ক’বা, ‘বিনয় কৰোঁ, তুমি তোমাৰ ককায়েৰাহঁতৰ জগৰ, তেওঁলোকৰ পাপ ক্ষমা কৰা; কিয়নো তেওঁলোকে তোমাক দুৰ্গতি কৰিছিল’। এতেকে, এতিয়া আমি বিনয় কৰোঁ, আপুনি নিজ পিতৃৰ ঈশ্বৰৰ দাসসকলৰ দোষ ক্ষমা কৰক।" এইদৰে তেওঁলোকে যোচেফলৈ কৈ পঠোৱাত, তেওঁ কান্দি পেলালে। 18 তাৰ পাছত তেওঁৰ ককায়েকসকলে গৈ তেওঁৰ সন্মুখত পৰি ক’লে, "চাওক, আমি আপোনাৰে বন্দী।" 19 তেতিয়া যোচেফে তেওঁলোকক ক’লে, "ভয় নকৰিবা; কিয়নো, মই জানো ঈশ্বৰৰ প্ৰতিনিধি? 20 তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰাৰ অভিপ্ৰায়েৰে, ঈশ্বৰে ইয়াকে মঙ্গলৰ কল্পনা কৰিলে। 21 এতিয়া তোমালোকে ভয় নকৰিবা; মই তোমালোকক আৰু তোমালোকৰ ল’ৰা-তিৰোতাসকলকো প্ৰতিপালন কৰিম।" এইদৰে তেওঁলোকক তেওঁ শান্ত্বনা দিলে, আৰু মৰমৰ কথা ক’লে।

22 পাছত যোচেফে তেওঁৰ পিতৃ-বংশৰ সৈতে মিচৰ দেশতে নিবাস কৰি থাকিল। আৰু যোচেফ এশ দহ বছৰ জীয়াই থাকিল। 23 এইদৰে যোচেফে ইফ্ৰয়িমৰ পৰিনাতি দেখিবলৈ পালে। তেওঁ মনচিৰ পুতেক মাখীৰৰ সন্তান সকলকো দেখা পালে। তেওঁ তেওঁলোকক কোলাত লবলৈ পালে। 24 পাছত যোচেফে তেওঁৰ ভায়েক-ককায়েকসকলক ক’লে, "মই এতিয়া মৃত্যুৰ সময়ত উপস্থিত হৈছোঁ; কিন্তু ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰিব আৰু অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশলৈ তোমালোকক এই দেশৰ পৰা লৈ যাব।" 25 তাৰ পাছত যোচেফে ইস্ৰায়েলৰ সন্তান সকলক শপত কৰালে। তেওঁ ক’লে, "ঈশ্বৰে অৱশ্যে তোমালোকলৈ দৃষ্টি কৰিব। সেই সময়ত নিশ্চয়কৈ তোমালোকে ইয়াৰ পৰা মোৰ অস্থি লৈ যাবা।" 26 এইদৰে যোচেফ এশ দহ বছৰ বয়সত মৰিল; পাছত তেওঁক সুগন্ধিদ্ৰব্য যুক্ত কৰি, মিচৰত এটা পেড়াত ভৰাই ৰখা হ’ল।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-