4 তেতিয়া যোচেফে তেওঁৰ ভায়েক-ককায়েকসকলক ক’লে, "তোমালোকে অনুগ্রহ কৰি মোৰ ওচৰ চাপি আহাঁ।" তাতে তেওঁলোকে ওচৰ চাপি অহাত তেওঁ ক’লে, "মই যোচেফ, তোমালোকৰ সেই ভাই, যি জনক তোমালোকে মিচৰ দেশলৈ বিক্রী কৰি দিছিলা। 5 কিন্তু তোমালোকে মোক ইয়াত বিক্রী কৰি দিছিলা বুলি এতিয়া বেজাৰ নকৰিবা নাইবা নিজৰ ওপৰত খং নকৰিবা। কিন্তু প্ৰাণ ৰক্ষা কৰিবৰ কাৰণেহে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক ইয়ালৈ পঠিয়ালে।
Publicidade