Publicidade

Isaías 63

ইদোমৰ প্ৰতিকাৰৰ দিন। লোকসকলৰ প্ৰাৰ্থনা।

1 ইদোমৰ পৰা, বস্ৰাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে?

ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন?

"ধাৰ্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।"

2 তোমাৰ সাজ ৰঙা কিয়, আৰু কিয় তোমাৰ বস্ত্ৰ দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকা লোকৰ দৰে?

3 মই অকলেই দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকিলোঁ, আৰু দেশৰ কোনো এজনো মোক সহযোগ নকৰিলে;

মই মোৰ ক্ৰোধত সেইবোৰ গচকিলোঁ, আৰু খঙত সেইবোৰ গচকিলোঁ,

মোৰ বস্ত্ৰত সেইবোৰৰ তেজৰ ছিটা লাগিল, আৰু মোৰ গোটেই সাজত দাগ লগালে।

4 কাৰণ প্ৰতিকাৰ সাধিবৰ দিনলৈ মই চালোঁ, আৰু মোৰ মুক্ত কৰিব লগা বছৰ উপস্থিত হৈছিল।

5 মই দেখিলোঁ যে, সহায় কৰা কোনো এজন নাছিল, মই আচৰিত হৈছিলোঁ যে সহায় কৰা কোনো নাছিল;

কিন্তু মোৰ নিজৰ বাহুৱে মোৰ বাবে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু মোৰ অতি ক্ৰোধেই মোক উপকাৰ কৰিলে।

6 মই মোৰ ক্ৰোধত লোকসকলক গচকিলোঁ, আৰু মোৰ খঙত তেওঁলোকক মাতাল কৰিলোঁ,

আৰু মই তেওঁলোকৰ তেজ মাটিত ছটিয়াই দিলোঁ।

7 মই যিহোৱাৰ বিশ্বাসযোগ্য নিয়মৰ কাৰ্যবোৰ, আৰু প্রশংসনীয় কাৰ্যবোৰৰ বিষয়ে ক’ম;

আৰু যিহোৱাই আমাৰ বাবে কৰা সকলো কাৰ্যৰ বিষয়ে ক’ম, আৰু ইস্রায়েলৰ বংশলৈ কৰা উপকাৰৰ বিষয়ে ক’ম।

তেওঁৰ অনুগ্রহৰ কাৰণে এই সকলো দয়া আমাক দেখালে, আৰু বিশ্বসযোগ্য নিয়মেৰে বহু কাৰ্য কৰিলে।

8 কাৰণ তেওঁ কৈছিল, "অৱশ্যে তেওঁলোক মোৰ লোক, এওঁলোক বিশ্বাসঘাত নকৰা সন্তান।"

তেওঁ তেওঁলোকৰ ত্ৰাণকৰ্ত্তা হৈছিল।

9 তেওঁলোকৰ সমস্ত দুখত

তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল।

তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল,

আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।

10 কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল;

সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।

11 তেওঁৰ লোকসকলে পূৰ্বকালৰ মোচিৰ বিষয়ে শিকিছিল।

তেওঁলোকে কৈছিল যে, "যি জনাই নিজৰ মেৰ-ছাগ ৰখীয়াবোৰৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত?

তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?

12 মোচিৰ সোঁহাতত নিজৰ প্ৰৰাক্রমী শক্তি দিয়া ঈশ্বৰ ক’ত?

নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জল সমূহ দুভাগ কৰা ঈশ্বৰ ক’ত?

13 তেওঁলোকে উজুটি নোখোৱাকৈ, অৰণ্যত দৌৰা ঘোঁৰাৰ দৰে অগাধ জলৰ মাজেদি তেওঁলোকক লৈ অহা ঈশ্বৰ ক’ত?

14 উপত্যকালৈ নামি যোৱা পশুৰ জাকৰ দৰে যিহোৱাৰ আত্মাই তেওঁলোকক জিৰণি দিছিল;

নিজৰ নামৰ প্রশংসা কৰিবলৈ তুমি তোমাৰ লোকসকলক লৈ আহিছিলা।

15 স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰা, আৰু তোমাৰ পবিত্ৰতাৰ আৰু গৌৰৱৰ নিবাসৰ পৰা মনযোগ দিয়া;

তোমাৰ আগ্রহ আৰু মহৎ কাৰ্যবোৰ ক’ত?

16 কাৰণ তুমি আমাৰ পিতৃ;

কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে;

হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।

17 হে যিহোৱা, তুমি তোমাৰ পথৰ পৰা আমাক কিয় অপথে লৈ গৈছা? আৰু তোমাৰ অবাধ্য হবলৈ আমাৰ মন কিয় কঠিন কৰিছা?

তোমাৰ দাসবোৰৰ, তোমাৰ আধিপত্যৰ জাতিবিলাকৰ কাৰণে উভটি আহাঁ।

18 তোমাৰ লোকসকল অলপ সময়হে তোমাৰ পবিত্রস্থানৰ আধিপত্য ভোগ কৰিলে; কিন্তু এতিয়া আমাৰ শত্রুবোৰে এইসকলো ভৰিৰে গচকিলে।

19 যিসকলৰ ওপৰত তুমি কেতিয়াও ৰাজত্ব কৰা নাই, আৰু যিসকল তোমাৰ নামেৰে প্ৰখ্যাত হোৱা নাই, আমি এনে লোকসকলৰ দৰে হলোঁ।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-