যোনাৰ প্রার্থনা
1 যোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। 2 তেওঁ ক’লে,
"মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো;
তাতে তেওঁ মোক উত্তৰ দিলে।
চিয়োলৰ2:2 চিয়োল, অর্থাৎ মৈদাম। ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে।