লাজাৰৰ মৃত্যু আৰু পুনৰজীৱন
1 বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থাও সেই গাৱঁতে থাকে। 2 এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি মচি সানি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল। 3 সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, "প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।" 4 যীচুৱে এই কথা শুনি ক’লে, "এই অসুখ তেওঁৰ মৃত্যুৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণেই হৈছে, যেন তাৰ দ্বাৰাই ঈশ্বৰৰ পুত্র মহিমান্বিত হয়।"
5 মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল। 6 তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে পুনৰ দুদিন থাকিল। 7 তাৰ পাছতহে তেওঁ শিষ্য সকলক ক’লে, "ব’লা, আমি পুণৰ যিহুদীয়ালৈ যাওঁ।"
8 শিষ্য সকলে তেওঁক ক’লে, "ৰব্বি, এই কিছুদিনৰ আগেয়ে ইহুদী সকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল; আকৌ তালৈকে যায় নে?" 9 যীচুৱে উত্তৰ দিলে, "দিনটোত বাৰ ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে, তেনেহলে তেওঁ উজুটি নাখায়; কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে। 10 কিন্তু কোনোৱে যদি ৰাতি ফুৰে, তেনেহলে তেওঁ উজুটি খায়; কিয়নো পোহৰ তেওঁৰ মাজত নাই।" 11 এই কথা কোৱাৰ পাছত তেওঁ শিষ্য সকলক ক’লে, "আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।" 12 তাতে শিষ্য সকলে তেওঁক ক’লে, "প্ৰভু, তেওঁ যদি টোপনি গৈছে, তেনেহলে ভাল হৈ যাব।" 13 যীচুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্য সকলে ভাৱিলে যে যীচুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে। 14 যীচুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক’লে, "লাজাৰ মৰিল।