Publicidade

Oséias 11

ইস্রায়েলৰ প্রতি ঈশ্বৰৰ প্রেম

1 ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ,

মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।

2 মই তেওঁলোকক যিমানে মাতিছিলোঁ,

সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল;

তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল,

আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।

3 তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ।

ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ;

কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ।

4 মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ;

মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ;

পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ।

5 যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল,

সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব।

আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব।

6 তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব;

তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব;

নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব।

7 মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে;

যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও,

তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।

8 হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম?

হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম?

মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম?

মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম?

মোৰ হৃদয় ব্যাকুল হৈছে;

মোৰ সকলো মমতা জাগি উঠিছে।

9 মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্রকাশ নকৰিম;

মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম;

কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ;

মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা;

মই ক্ৰোধেৰে উপস্থিত নহম।

10 তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব;

মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম;

মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।

11 মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ,

অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব;

মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম।

মই যিহোৱাই এই কথা কৈছো।

12 যিহোৱাই কৈছে, "ইফ্ৰয়িমৰ মিছা কথা,

ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে;

কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে

আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে।

Veja também

Publicidade
Oséias
Ver todos os capítulos de Oséias
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_06-50-08-