Pular para o conteúdo
Publicidade

হোচেয়া 14

যিহোৱালৈ মন-পালটন

1 হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ,

তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো।

2 মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা,

"আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক;

যাতে আমি আমাৰ ওঁঠে14:2 ষাঁৰ গৰুৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।

3 অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব;

ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম।

আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।"

যিহোৱাই ইস্রয়েলক ক্ষমা কৰিব

4 যিহোৱাই কৈছে, "তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম,

মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম;

কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।

5 মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম;

তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব,

লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।

6 তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব;

জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব;

তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব।

7 তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব14:7 তেওঁলোকে পুনৰায় যিহোৱাৰ ছাঁত বাস কৰিব;

তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব,

আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব;

লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।

8 ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’

মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম।

মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা;

তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।"

9 জ্ঞানৱানজনে এইবোৰ কথা বুজে;

বিবেচকজনে এইবোৰ কথা জানে;

কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু

ধাৰ্মিকজনে সেই পথত গমন কৰে,

কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.