8 তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব। 9 তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে; 10 ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা; 11 আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধ-বিচাৰ কৰা হ’ল।