Pular para o conteúdo
Publicidade

যিৰিমিয়া 28:1-3,15-17

মিছা ভাববাদী হননীয়াৰ দণ্ড।

1 পাছত সেই বছৰত যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ আৰম্ভণিত চতুৰ্থ বছৰৰ পঞ্চম মাহত, যিহোৱাৰ গৃহত, পুৰোহিত আৰু সকলো প্ৰজাৰ আগত গিবিয়োন নিবাসী অৰ্জ্জুৰৰ পুত্ৰ হননিয়া ভাববাদীয়ে মোক এই কথা ক’লে, 2 "ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ। 3 এই ঠাইৰ পৰা বাবিলৰ ৰজা নবূখদনেচৰে বাবিললৈ লৈ যোৱা যিহোৱাৰ গৃহৰ সকলো বস্তু সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই পুনৰায় এই ঠাইলৈ আনিম।

15 পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, "হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা। 16 এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা। 17 আৰু হননিয়া ভাববাদী সেই বছৰৰ সপ্তম মাহত মৰিল।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.