Publicidade

Jeremias 6

যিৰূচালেমৰ দুষ্টতাৰ কাৰণে তাৰ অৱৰোধ।

1 "হে বিন্যামীনৰ সন্তান সকল, তোমালোকে যিৰূচালেমৰ মাজৰ পৰা ৰক্ষাৰ পাবৰ বাবে পলোৱা, আৰু তকোৱাত শিঙা বজোৱা।

আৰু বৈৎহক্কেৰমত এক নিচান তোলা; কিয়নো উত্তৰ ফালৰ পৰা এক অমঙ্গল আৰু মহাসংহাৰে দেখা দিছে।

2 সুন্দৰী আৰু আলসুৱা চিয়োন জীয়াৰীক মই সংহাৰ কৰিম।

3 মেৰ-ছাগ ৰখীয়াবোৰে নিজ নিজ জাক লগত লৈ তাইৰ ওচৰলৈ আহিব;

তেওঁলোকে তাইৰ বিৰুদ্ধে চাৰিওফালে নিজ নিজ তম্বু তৰিব, আৰু প্ৰতিজনে নিজ নিজ ঠাইত চৰিব।

4 তোমালোকে তাইৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰা। "আমি উঠি দুপৰীয়া যাত্ৰা কৰোঁহক।

কি দুখৰ বিষয়! চোৱা, দিনৰ শেষ হৈছে, এনে কি, সন্ধিয়া বেলাৰ ছাঁ দীঘলীয়া হৈছে।

5 আমি উঠি ৰাতি যাত্ৰা কৰি তাইৰ অট্ৰালিকাবোৰ নষ্ট কৰোঁহক।"

6 কিয়নো বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: তোমালোকে কাঠ কাটি যিৰূচালেমৰ অহিতে দ’ম বান্ধা।

সেয়ে দণ্ড পাবলগীয়া নগৰী; তাৰ মাজত সম্পূৰ্ণ অত্যাচাৰ আছে।

7 যেনকৈ ভুমুকে নিজৰ শীতল পানী উলিয়াই থাকে, তেনেকৈ তাই নিজৰ দুষ্টতা উলিয়াই থাকে।

তাইৰ মাজত অত্যাচাৰ আৰু লুটৰ কথা শুনা যায়; নৰিয়া পৰা আৰু ঘা লগা সদায় মোৰ চকুত পৰে।

8 হে যিৰূচালেম, সতৰ্ক হোৱা, নহ’লে মোৰ মন তোমাৰ পৰা নিলগত হব;

নহ’লে মই তোমাক উচ্ছন্ন ঠাই আৰু নিবাসীহীন দেশ কৰিম।

9 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যে তেওঁলোকে দ্ৰাক্ষাফলৰ দৰে ইস্ৰায়েলৰ অৱশিষ্টখিনি সম্পূৰ্ণকৈ গোটাব।

দ্ৰাক্ষাগুটি চপাওঁতা জনৰ নিচিনা তুমি বাৰে বাৰে পাচিলৈ হাত নিয়া।

10 তোমালোকে শুনিবৰ কাৰণে মই কাৰ আগত কম, আৰু সাক্ষ্য দিম? চোৱা, তেওঁলোকৰ কাণ অচুন্নৎ, তেওঁলোকে শুনিব নোৱাৰে;

চোৱা! যিহোৱাৰ বাক্য তেওঁলোকৰ ধিক্কাৰৰ বিষয় হৈছে; তেওঁলোকে তাত একো সন্তোষ নাপায়।

11 এই হেতুকে মই যিহোৱাৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ; মই তাক আটক কৰি ৰাখিবলৈ ক্লান্ত হৈছোঁ। আলিত শিশুসকলৰ ওপৰত,

আৰু ডেকাসকলৰ সভাৰ ওপৰত তাক একেবাৰে ঢালি দিয়া। কিয়নো ভাৰ্য্যাৰে সৈতে স্বামী, সম্পূৰ্ণ আয়ুসপ্ৰাপ্ত লোকৰ সৈতে বৃদ্ধ, সকলোকে ধৰা যাব।

12 তেওঁলোকৰ ঘৰবোৰ, পথাৰবোৰ আৰু তেওঁলোকৰ মহিলাসকলক অন্যক দিয়া যাব।

কাৰণ যিহোৱাই কৈছে, মই দেশনিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম।

13 কিয়নো তেওঁলোকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত,

আৰু ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে।

14 যেতিয়া কোনো ‘শান্তি! নাই, তেতিয়া তেওঁলোকে শান্তি! বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।

15 তেওঁলোক ঘিণলগীয়া কাৰ্য কৰাত তেওঁলোকে লাজ পাওক ছাৰি মুখ বিবৰ্ণ কৰিবলৈ জনা নাই;

সেই কাৰণে তেওঁলোকে পতিত হোৱা লোকসকলৰ মাজত পতিত হব। যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়াৰ সময়ত তেওঁলোকে উজুটি খাই পৰিব।"

16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা,

‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা;

কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।

17 শিঙাৰ শব্দলৈ কাণ পাতিবা বুলি কৈ, মই তোমালোকৰ ওপৰত প্ৰহৰীবোৰ নিযুক্ত কৰিলোঁ;

কিন্তু তেওঁলোকে ক’লে, "আমি কাণ নাপাতিম।"

18 এই হেতুকে হে জাতি সমূহ, শুনা! হে মণ্ডলী, তেওঁলোকৰ অন্তৰত কি আছে, তাক বুজা।

19 শুনা, হে পৃথিৱী! চোৱা, মই এই জাতিৰ ওপৰত অমঙ্গল ঘটাম, তেওঁলোকৰ কল্পনাবোৰৰ ফল দিম।

কিয়নো তেওঁলোকে মোৰ বাক্যলৈ কাণ দিয়া নাই, আৰু মোৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে।

20 চিবাৰ পৰা মোৰ ওচৰলৈ কুন্দুৰু, আৰু দূৰ দেশৰ পৰা সুগন্ধি বচ কি অভিপ্ৰায়েৰে আহিছে?

তোমালোকৰ হোম-বলিবোৰ গ্ৰহণীয় নহয়, নাইবা তোমালোকৰ মঙ্গলাৰ্থক বলি মোৰ সন্তোষজনক নহয়।

21 এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই এই জাতিৰ আগত উজুটি খোৱা মূঢ়া থম;

তেতিয়া বাপেক আৰু পুতেকহঁতে একে সময়ত তাত উজুটি খাই পৰিব। ওচৰ-চুবুৰীয়া আৰু তাৰ বন্ধু বিনষ্ট হ’ব।

22 যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দেশৰ পৰা এক জাতি আহিছে,

পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি উত্তেজিত হৈছে।

23 তেওঁলোকে ধনু আৰু বৰছা ধৰিব। তেওঁলোক নিষ্ঠুৰ আৰু দয়াহীন; তেওঁলোকৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা,

আৰু তেওঁলোক ঘোঁৰাত উঠে; হে চিয়োন-জীয়াৰী, তোমাৰ বিৰুদ্ধে তেওঁলোক প্ৰতিজনে যুদ্ধাৰুৰ দৰে সাজু হৈ আছে।

24 আমি তেওঁলোকৰ যশস্যা শুনিছোঁ। আমাৰ হাত দুৰ্ব্বল হ’ল। যাতনাই, প্ৰসৱকাৰীণীৰ বেদনাৰ দৰে বেদনাই আমাক ধৰিছে।

25 পথাৰলৈ নাযাবা, আৰু ৰাজআলিত অহা-যোৱা নকৰিবা,

কিয়নো শত্ৰূ তৰোৱাল, চাৰিওফালে ত্ৰাসৰ সৃষ্টি কৰি আছে।

26 হে মোৰ জাতিস্বৰূপা জীয়াৰী, কঁকালত চট বান্ধা, আৰু ছাইত বাগৰা; একেটি পুত্ৰৰ মৃত্যুৰ বাবে শোক কৰাৰ দৰে শোক কৰা।

আৰু অত্যন্ত বিলাপ কৰা, কিয়নো বিনষ্ট কৰোঁতাই অকস্মাতে আমাৰ ওপৰত আক্ৰমণ চলাব।

27 মোৰ প্ৰজাসকলৰ পথ পৰীক্ষা কৰি জানিবৰ বাবে, মই তেওঁলোকৰ মাজত তোমাক পৰীক্ষক কৰি দুৰ্গস্বৰূপে স্থাপন কৰিলোঁ।

28 তেওঁলোক সকলোৱেই অতিশয় বিদ্ৰোহী আৰু পৰচৰ্চ্চাকাৰী।

তেওঁলোক পিতল আৰু লোহাস্বৰূপ; তেওঁলোক সকলো দুৰাচাৰী।

29 ভাতীয়ে বৰকৈ তাও দিছে; সীহ জুইত নষ্ট হৈছে;

লোকে মিছাকৈয়ে খপি থাকিছে; কিয়নো ভাঁজস্বৰূপ দুষ্টবোৰক বাহিৰ কৰা নাযায়।

30 যিহোৱাই তেওঁলোকক অগ্ৰাহ্য কৰা বাবে, মানুহে তেওঁলোকক "পেলনীয়া ৰূপ" বুলিব’!"

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-