ধুমুহা বতাহক শান্ত কৰা
22 পাছত এদিন 8:22 মথি 8:23-34; মার্ক 4:35-41:20যীচুৱে শিষ্যবোৰৰ সৈতে এখন নাৱত উঠি, তেওঁলোকক ক’লে, "আহা, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ।" তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ’ল। 23 কিন্তু যাওঁতে যাওঁতে, তেওঁৰ টোপনি আহিল; আৰু সেই সময়তে সৰোবৰত ধুমুহা বতাহ বলিবলৈ ধৰিলে, তাতে ঢৌত পানী সোমাই থকাত, তেওঁলোক সঙ্কটত পৰিল। 24 তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁক জগাই ক’লে "হে নাথ, হে নাথ, আমি এতিয়া মৰোঁহে।" তেতিয়া তেওঁ সাৰ পাই, বতাহ আৰু পানীৰ ঢৌক ডবিয়ালে; লগে লগে বতাহ আৰু ঢৌ ক্ষান্ত হ’ল আৰু সকলোবোৰ শান্ত হৈ পৰিল। 25 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "তোমালোকৰ বিশ্বাস ক’ত?" তেতিয়া তেওঁলোকে ভয়াতুৰ হৈ, বিস্ময় মানি ইজনে সিজনক ক’লে, "এওঁ নো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও এওঁৰ কথা মানে!"