Publicidade

Mateus 28

যীচুৰ পুনৰুত্থান

1 তেতিয়া বিশ্ৰামবাৰ পাৰ হৈ, সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল, মগ্দলীনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ’ল। 2 চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল। 3 তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰদৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী সকল কঁপি কঁপি মৰাৰ নিচিনা হ’ল। 4 কিন্তু সেই মহিলা কেইজনীক, 5 দূতে মাত লগাই ক’লে, "তোমালোকে ভয় নকৰিবা; কিয়নো ক্রুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ। 6 তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি। 7 এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱাগৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীল প্ৰদেশলৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক ক’লো"। 8 তাতে তেওঁলোকে ভয় আৰু মহা-আনন্দেৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গ’ল আৰু তেওঁৰ শিষ্য সকলক সম্বাদ দিবলৈ ল’ৰি গ’ল। 9 তাতে চোৱা যীচুৱে তেওঁলোক সাক্ষাৎ হৈ ক’লে, "তোমালোকৰ মঙ্গল হওক"। তাতে মহিলা সকল ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে। 10 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব"।

11 পাছত মহিলা সকল যাওঁতে, চোৱা, চন্তৰীবোৰৰ কোনো কোনোৱে নগৰলৈ আহি, যি যি ঘটিছিল, সেই সকলোৰ সম্বাদ প্ৰধান পুৰোহিত সকলৰ আগত দিলেহি। 12 তেতিয়া তেওঁলোকে পৰিচাৰক সকলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিলে আৰু সেনাবোৰক ভালেমান ধন দি ক’লে, 13 "আমি টোপনিত থাকোঁতে, যীচুৰ শিষ্যবোৰে ৰাতি আহি, তাক চুৰ কৰি নিলে, এই বুলি ক’বা। 14 এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই-বঢ়াই লম আৰু তোমালোকক এই বিষয়তোৰ পৰা দূৰত ৰাখিম"। 15 তেতিয়া সিহঁতে ধন ললে আৰু তেওঁলোকে শিকাই দিয়াৰ দৰেই সিহঁতে কৰিলে; এইদৰে এই কথা ইহুদী সকলৰ মাজত বিয়পি গ’ল আৰু আজিলৈকে এই কথা, এইদৰে প্ৰচলিত হৈ আছে।

শিষ্যবোৰৰ প্ৰতি যীচুৰ শেষ আজ্ঞা

16 পাছত গালীল প্ৰদেশৰ যি পৰ্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গ’ল; 17 আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে; কিন্তু কোনো কোনোৱে সংশয় কৰিলে। 18 তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, "বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল। 19 এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; 20 মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ"।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_06-50-08-