ধুমুহা বতাহ শান্ত কৰা
35 সেইদিনা গধূলি সময়ত যীচুৱে তেওঁলোকক ক’লে, "আমি সিপাৰলৈ যাওঁহক��" 36 তেতিয়া শিষ্য সকলে লোক সকলক এৰি থৈ, তেওঁ যেনেকৈ নাৱত আছিল, তেনেকৈয়ে যীচুক লগত লৈ গ’ল;4:36 মথি 8:23-34; লূক 8:22-39৷ আৰু আন আন নাৱো তেওঁলোকৰ লগত আছিল। 37 পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হবলৈ ধৰিলে।
38 সেই সময়ত তেওঁ নাৱৰ গুৰিৰফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই ক’লে, "হে গুৰু, আমি যে এতিয়া মৰোঁ, ইয়ালৈ আপুনি চিন্তা নকৰে নে"? 39 তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো ক’লে, "শান্তিৰে থিৰে থাক��" তেতিয়া বতাহ আতৰি গ’ল, আৰু অতি শান্ত হৈ পৰিল।
40 যীচুৱে তেওঁলোকক ক’লে, "তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?"4:40 যিচ 43:2৷ 41 তাতে তেওঁলোকে ভয়ত অতিশয় আতুৰ হৈ ইজনে সিজনে কোৱা-মেলা কৰি কলে, "বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁ নো কোন?"