ভূতে পোৱা মানুহ এজনক সুস্থ কৰা
1 তাৰ পাছত5:1 মথি 8:28-34; লূক 826-39৷ তেওঁলোক সাগৰৰ সিটো পাৰে থকা, গেৰাচেনীয়া সকলৰ অঞ্চল পালে। 2 যীচুৱে নাৱৰ পৰা নমাৰ সময়তে অশুচি আত্মাই ধৰা এজন মানুহে তেওঁক লগ ধৰিব আহিল�� সি মৈদামৰ পৰা ওলাই আহিছিল��
3 সেই মানুহ জনে মৈদামনিত নিবাস কৰিছিল�� কোনেও তেওঁক বান্ধি ৰাখিব পৰা নাছিল, শিকলিৰেও বান্ধি ৰাখিব পৰা নাছিল�� 4 তেওঁক বাৰে বাৰে বেৰী আৰু শিকলিৰে বান্ধা হৈছিল, কিন্তু তেওঁ শিকলি ছিঙি পেলাই, বেৰীও ডোখৰ ডোখৰ কৰিছিল�� তেওঁক দমন কৰিবলৈ কাৰো শক্তি নাছিল।
5 প্ৰতিটো ৰাতি আৰু দিনত তেওঁ মৈদামলৈ যায় আৰু পৰ্বতত গৈ চিঞৰে; আৰু শিলেৰে নিজকে নিজে আঘাত কৰে। 6 যেতিয়া তেওঁ দূৰৈৰ পৰা যীচুক দেখা পালে, তেতিয়া তেওঁ দৌৰি আহিল আৰু যীচুক প্ৰণিপাত কৰিলে�� 7 তাৰ পাছত তেওঁ কান্দি কান্দি বৰ মাতেৰে কলে, "হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছোঁ, মোক যাতনা নিদিব"। 8 কিয়নো যীচুৱে তেওঁক কৈছিল, "হেৰ অশুচি আত্মা, এই মানুহ জনৰ পৰা বাহিৰ ওলা"। 9 পাছত যীচুৱে তেওঁক সুধিলে "তোৰ নাম কি?" তাতে সেই মানুহ জনে তেওঁক ক’লে, "মোৰ নাম বাহিনী কিয়নো আমি অনেক আছোঁ"। 10 পাছত যীচুৱে যেন সেই ঠাইৰ পৰা সিহঁতক নেখেদে, এই কাৰণে অনেক বিনয় কৰি ক’লে।
11 সেই সময়ত ওচৰৰ পৰ্বতত এজাক গাহৰি চৰি আছিল। 12 তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, "আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক��" 13 তাতে তেওঁ অনুমতি দিয়াৰ পাছত সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।
14 তেতিয়া যি সকলে সেই গাহৰিৰ জাকবোৰ তত্বাৱধান কৰি আছিল, তেওঁলোক পলাই গৈ নগৰ আৰু গাঁৱবোৰত সম্বাদ দিলে। তেতিয়া ঘটি যোৱাৰ ঘটনাতোৰ কথা শুনিবলৈ পোৱাত লোক সকলে সেই অশুচি আত্মাই ধৰা লোক জনক চাবলৈ আহিল;