22 এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়:
23 "চোৱা1:23 যিচয়া 7:14, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব,
আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল1:23 যিচয়া 8:8, 10 থব;"
এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ1:23 মথি 28:20।
24 পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
25 কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু1:25 মথি 1:21 থলে।