13 সেই বাবেই মই তেওঁলোকৰ আগত দৃষ্টান্ত দি কওঁ। কিয়নো, তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও। 14 এইদৰে যিচয়া ভাৱবাদীয়ে কোৱা এই ভাৱবাণী তেওঁলোকলৈ পূর্ণ হৈছে,
‘তোমালোকে শুনোতে শুনিবা, কিন্তু কোনোমতে নুবুজিবা;
দেখোতে দেখিবা, কিন্তু কোনোমতে নাজানিবা;
15 কিয়নো এই লোক সকলৰ হৃদয় অসাৰ হৈছে,
আৰু কাণ গধুৰ হৈ গৈছে,
তেওঁলোকে চকুও বন্ধ কৰি ৰাখিছে
তাতে তেওঁলোকে চকুৰে নেদেখে,
কাণেৰে নুশুনে, হৃদয়েৰে নুবুজে,
আৰু তেওঁলোক যেন পুণৰ ঘূৰি নাহে,
আৰু মই তেওঁলোকক যেন সুস্থ নকৰোঁ’। 13:15 যিচয়া 6:9-10