কৰ দিয়াৰ বিষয়ে যীচুৰ শিক্ষা
24 যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ’ল�� যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি 17:24 আধলি- মূল বাইবেলত ‘চেকেল’ লিখা আছে, ইয়াৰ অৰ্থ হ’ল ‘ইহুদী সকলে ব্যবহাৰ কৰা মুদ্ৰা।’ 17:24 আধলি মুদ্ৰাতোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক’লে, "তোমালোকৰ গুৰুৱে আধলিটো 17:24 আধলিটো মুদ্ৰানিদিয়ে নে?" 25 তেওঁ ক’লে "দিয়ে��" ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক ক’লে, "চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?"
26 পিতৰে ক’লে "বিদেশী সকলৰ পৰা", যীচুৱে তেওঁক ক’লে, "তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত। 27 তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপ17:27 ৰূপ মুদ্রা পাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।"