ক্ষমাৰ বিষয়ে শিক্ষা
15 কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা। 16 কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।