Pular para o conteúdo
Publicidade

মথিয়ে লিখা শুভবাৰ্তা 19:16-26

ধন-সম্পত্তি আৰু অনন্ত জীৱনৰ বিষয়ে শিক্ষা

16 এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, "হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎ কৰ্ম কৰিব লাগিব"? 17 যীচুৱে তেওঁক ক’লে, "সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।"

18 মানুহ জনে তেওঁক সুধিলে, "কোনবোৰ আজ্ঞা"? যীচুৱে ক’লে, "নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা; 19 মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা"।

20 সেই যুৱক জনে তেতিয়া তেওঁক ক’লে, "মইতো এই সকলোবোৰ পালন কৰি আহিছোঁ; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে"? 21 যীচুৱে তেওঁক ক’লে, "যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা"। 22 এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।

23 তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, "মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন। 24 পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।"

25 এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক’লে, "তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?" 26 যীচুৱে তেওঁলোকলৈ চাই ক’লে, "ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।"

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.