17 গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?"
18 যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, "হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে? 19 কৰ দিয়া ধন মোক দেখুৱাওঁক৷" তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি 22:19 আধলি দীনাৰএটা আনিলে।
20 যীচুৱে তেওঁলোকক সুধিলে, "এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?" 21 তেতিয়া তেওঁলোকে তেওঁক ক’লে, "চীজাৰৰ৷" তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।"