শেষ-কালৰ মহা-বিচাৰৰ দিনৰ বৰ্ণনা
31 "যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷ 32 সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ’ব আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক25:32 বা মেষবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক কৰি, 33 মেৰবোৰক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ’ব।
34 তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। 35 কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা; মোৰ পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা; অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা: 36 উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা’।
37 তেতিয়া ধাৰ্মিক সকলে তেওঁক উত্তৰ দি ক’ব, ‘হে প্ৰভু আমি কেতিয়া আপোনাৰ ভোক লগা দেখি, খাবলৈ দিছিলোঁ? পিয়াহ লাগোতে পান কৰাইছিলো? 38 আমি কেতিয়া আপোনাক অচিন-অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ? নাইবা উদঙে থকা দেখি, কাপোৰ পিন্ধাইছিলো? 39 আমি কেতিয়া আপোনাক নৰিয়া পৰা, বা বন্দীশালত থকা দেখি, আপোনাৰ ওচৰলৈ গৈছিলোঁ’? 40 তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা। 42 কিয়নো মোৰ ভোক লাগিছিল, তোমালোকে মোক খাবলৈ নিদিলা; পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলা; 43 অতিথি হৈছিলো, মোক আশ্ৰয় নিদিলা; উদঙে আছিলোঁ, মোক কাপোৰ নিপিন্ধালা; নৰিয়া আৰু বন্দীশালত পৰিছিলোঁ; মোক চাবলৈ নগ’লা’।
44 তেতিয়া সিহঁতে উত্তৰ দি ক’ব, ‘হে ‘প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলো’? 45 তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’। 46 এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিক সকল অনন্ত জীৱনলৈ যাব।"