সমৰ্পিত হোৱাৰ বিষয়ে জনোৱা আৰু সুগন্ধি তেল ঘঁহা
1 যীচুৱে এই সকলো কথা কৈ শেষ কৰোঁতে, তেওঁৰ শিষ্য সকলক ক’লে, 2 "তোমালোকে জানা নে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হ’ব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।"
3 তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে; 4 তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে�� 5 তেওঁলোকে ক’লে, ‘ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব��’
6 পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত 7 এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি। 8 শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা? 9 কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ’লহেঁতেন’।
10 কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, "এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে। 11 কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো��
12 এই কাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে। 13 মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হ’ব।"
ঈষ্কৰিয়োতীয়া যিহুদাৰ বন্দবস্ত
14 তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গ’ল, 15 আৰু ক’লে "মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে"? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে�� 16 তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।
নিস্তাৰ পৰ্বৰ ভোজ খোৱা আৰু প্ৰভু-ভোজ স্থাপন কৰা
17 পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, "নিস্তাৰ-পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে"? 18 তেওঁ ক’লে, "নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম"। 19 তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰ দৰে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলেগৈ।
20 পাছত সন্ধিয়া হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল; 21 এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’। 22 তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, ‘হে প্ৰভু, সেই জন মই নে’?
23 যীচুৱে উত্তৰ দি ক’লে, ‘মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব। 24 মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’। 25 তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, "তুমি নিজকে নিজেই ক’লা"।
26 পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, "লোৱা, খোৱা এয়ে মোৰ শৰীৰ"।
27 পাছত তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি ক’লে, "লোৱা, তোমালোকে সকলোৱে পান কৰা; 28 কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ�� অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।