63 "হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, ‘তিন দিনৰ মুৰত মই পুনৰাই উঠিম’, এতিয়া এই কথা আমাৰ মনত পৰিছে। 64 এই হেতুকে, তৃতীয় দিনলৈকে তেওঁৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক; কিজানি তেওঁৰ শিষ্যবোৰে আহি তেওঁৰ দেহ চুৰ কৰি নিব আৰু মানুহবোৰক ক’ব, ‘তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল’; যদি সেয়ে হয় তেনেহ’লে ই প্ৰথম ভ্ৰান্তিতকৈয়ো শেষ ভ্ৰান্তি অধিক হানিজনক হ’ব"।
Publicidade