32 সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে। 33 যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, "ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!"