মথিক আহ্বান কৰা
9 যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, "মোৰ পাছত আহা।" মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল। 10 ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত 9:10 কৰ সংগ্রহকাৰী: ইহুদী সকলৰ পৰা কৰ তুলিবলৈ নিযুক্ত ৰোমৰ চৰকাৰী কর্মচাৰী। ইহুদী সকলে তেওঁলোকক বিশ্বাসঘাতক আৰু পাপী বুলি ঘৃণা কৰিছিল।কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল। 11 ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, "তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু ‘পাপী লোক’9:11 ফৰীচী সকলৰ দৃষ্টিত যি সকল পাপী, যেনে- ব্যভিচাৰী, পাতকী অাদি৷ সকলৰ সৈতে কিয় ভোজন কৰে?" 12 এই কথা শুনি যীচুৱে ক’লে, "সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে। 13 "মই বলিদান নোখোজো, দয়াহে বিচাৰো," 9:13 হোচেয়া 6:6 শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।"