12 কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান�� 13 কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।10:13 যোৱে 2:32
14 এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব? 15 আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, 10:15যিচ 52:7 "মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!"
16 কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, 10:16 যিচ 53:1; যো 12:37, 38 "হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?" 17 এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।