সহিষ্ণুতা আৰু প্ৰাৰ্থনাৰ সম্বন্ধে আশ্বাস
7 এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে। 8 তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি।