Consolo
O consolo de Deus é bálsamo para a alma ferida. Ele nos conforta em todas as tribulações para que possamos consolar outros com o mesmo consolo divino.
Deus consola
Ainda que eu ande pelo vale da sombra da morte, não temerei mal algum. O Senhor consola, guia e está sempre presente.
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ,
কিয়নো তুমি মোৰ সঙ্গত আছা;
তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ;
মই কাক ভয় কৰিম?
যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ,
মই কাৰ বাবে ত্ৰাসযুক্ত হম?
দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়;
তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।
তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা,
সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।
যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়।
Confiança na aflição
Eu sei que o meu Redentor vive. Deus é força e escudo — mesmo na tribulação, Ele nos sustenta e consola.
কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে,
শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।
আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত,
মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।
চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম;
কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।"
যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।"
মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।"
এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে,
প্ৰভু মোৰ সহায়কৰ্তা;
মই ভয় নকৰিম;
মানুহে মোক কি
কৰিব?
শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে
সান্ত্বনা পাব।
কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম;
মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম;
মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।