Deus é nosso refúgio
Deus é nosso refúgio e fortaleza, socorro bem presente nas angústias. Quando o mundo treme, o crente encontra paz sob as asas do Altíssimo.
Refúgio e fortaleza
Deus é nosso refúgio e fortaleza. Quem habita no abrigo do Altíssimo descansa à sombra do Todo-Poderoso.
প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল,
সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে,
যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, "তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ;
তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।"
তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা
আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।
তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব,
তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা;
ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত। যিহোৱাই যেতিয়া দায়ুদক ৰজা কৰিলে আৰু চৌলকে আদি কৰি তেওঁৰ সকলো শত্রুৰ হাতৰ পৰা উদ্ধাৰ কৰিলে, তেতিয়া তেওঁ যিহোৱাৰ উদ্দেশ্যে এই গীত গাইছিল।
হে যিহোৱা, তুমিয়েই মোৰ বল;
মই তোমাক অতি প্ৰীতি কৰোঁ।
যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা;
তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ,
মই তেওঁতে আশ্ৰয় লৈছোঁ;
তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং,
মোৰ উচ্চ আশ্রয়স্থান।
যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ;
তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ।
মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।
হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,
কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
দায়ুদৰ ৰচিত গীত
যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ;
মই কাক ভয় কৰিম?
যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ,
মই কাৰ বাবে ত্ৰাসযুক্ত হম?
দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে,
তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে,
মোৰ হৃদয়ে ভয় নকৰিব;
মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়,
তেতিয়াও মই সাহসেৰে থাকিম।
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।
মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা;
মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা,
মোৰ দৃঢ় কোঁঠ হোৱা।
তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।
মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা;
কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।
হে যিহোৱা, হে মোৰ বিশ্ৱস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;
মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ;
তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা,
কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ।
Proteção e segurança
O Senhor é a minha rocha e a minha fortaleza. Melhor é confiar no Senhor do que confiar no homem.
মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।
হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা;
কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে।
কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;
তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।
ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ;
মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।
হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা;
তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা;
তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা;
কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]
হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম;
কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।
গীতমালা চতুর্থ খণ্ড
ঈশ্বৰৰ লোক মোচিৰ প্ৰাৰ্থনা।
হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।
পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে,
পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে,
অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব;
তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।
যিসকলে তোমাক জানে,
তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে,
কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে,
তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য!
সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়।
Em todo tempo
O Senhor é bom e é fortaleza no dia da angústia. A torre forte do nome do Senhor protege os seus em toda circunstância.
যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে।
কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক,
ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।
যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস,
আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে।
কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.