Meditação
A meditação na Palavra de Deus é prática espiritual essencial. Diferente da meditação oriental, a meditação bíblica é reflexão profunda sobre as Escrituras — ruminar a Palavra dia e noite.
Meditar na Palavra dia e noite
Bem-aventurado o homem que medita na lei do Senhor de dia e de noite. Ele é como árvore plantada junto a ribeiros de águas.
ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে,
পাপীবিলাকৰ পথত থিয় নহয়,
নিন্দকবোৰৰ সমাবেশত নবহে;
কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,
আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ!
সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।
তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে;
কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান;
কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।
মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ;
কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।
মই তোমাৰ আদেশবোৰ ধ্যান কৰিম,
তোমাৰ সকলো পথলৈ মনোযোগ দিম।
মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম;
মই তোমাৰ বাক্য নাপাহৰিম।
তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ;
কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ,
কাৰণ মই সেইবোৰ ভাল পাওঁ;
মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ;
তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।
ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়,
যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ।
Frutos da meditação
A meditação produz entendimento, alegria e adoração. Quem medita na Palavra encontra direção, paz e renovação espiritual.
হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা,
মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।
মোৰ মুখে জ্ঞানৰ কথা কব;
মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক।
যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম;
পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম।
তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম;
তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম।
মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও,
মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ,
তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ।
মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম;
মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক;
মই যিহোৱাত আনন্দ কৰিম।