6 সেয়েহে আমি যদি তেওঁৰে সৈতে সহভাগিতাত আছোঁ বুলি কওঁ আৰু আমি আন্ধাৰত চলোঁ, 1:6 যো 12:35; 1 থি 5:4 তেনেহলে আমি মিছলীয়া আৰু সত্যৰ আচৰণ আমাৰ নাই৷ 7 কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।
Publicidade