ৰাজাধিৰাজ যীচুৰ জয়-যাত্ৰা
11 তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসী আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।19:11 গীত 45:3, 4৷ 12 তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মুৰত অনেক কিৰীটি আছে৷ তেওঁৰ এটা নাম লিখা আছে কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে। 13 তেওঁ পিন্ধা বস্ত্ৰ তেজত দুব মৰা;19:13 যিচ 63:1-6৷ তেওঁৰ নাম হ’ল- ঈশ্বৰৰ বাক্য৷19:13 যো 1:1৷
14 স্বৰ্গীয় সৈন্য সকলে শণ সুতাৰ বগা আৰু শুদ্ধ মিহি কাপোৰ পিন্ধি, বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ’ল। 15 তেওঁ জাতি সকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব; আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেৱেঁই গচকে। 16 তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, "ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷"
17 পাছত মই সুৰ্য্যত থিয় হোৱা এজন দূত দেখিলোঁ; তেওঁৰ মুৰৰ ওপৰত আকাশত উড়ি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক’লে, 19:17 যিহি 39:17-20৷ "আহা, তোমালোকে ঈশ্ৱৰৰ ভোজনৰ বাবে একলগ হোৱা৷ 18 তোমালোকে ৰজা সকলৰ মঙহ, সেনাপতি সকলৰ মঙহ, শক্তিমন্ত সকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা।"
19 পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল৷ 20 তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰি-কোৱা ভাববাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল।
21 আৰু অৱশিষ্ট সকলক সেই ঘোঁৰাত উঠা জনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ’ল; আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ’ল।