ইচহাকে অবিমেলকক মিছা কথা কোৱা।
1 অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ দৰে সেই দেশত পুনৰায় আকাল হোৱাত, ইচহাকে গৰাৰালৈ, পলেষ্টীয়াসকলৰ ৰজা অবীমেলকৰ ওচৰলৈ গ’ল। 2 পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, "তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা। 3 তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
4 মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; 5 কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।"
6 সেইবাবে ইচহাকে গৰাৰত বসবাস কৰিছিল। 7 সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, "তেওঁ মোৰ ভনী বুলি ক’লে।" ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে "মোৰ ভার্য্যা বুলি" পৰিচয় নিদিলে। 8 পাছত তেওঁ সেই ঠাইত ভালেমান দিন থাকিল, এদিন পলেষ্টীয়াসকলৰ ৰজা অবীমেলকে খিড়িককিদি চাই, ইচহাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে।