যোচেফে নিজৰ পৰিচয় দিয়া।
1 তেতিয়া যোচেফে তেওঁৰ কর্মচাৰীসকলৰ সন্মুখত নিজকে নিয়ন্ত্রণত ৰাখিব নোৱাৰিলে। তেওঁ চিঞঁৰি ক’লে, "মোৰ আগৰ পৰা সকলো গুছি যাওঁক।" সেয়ে ভায়েক-ককায়েকসকলৰ ওচৰত যোচেফে যেতিয়া নিজৰ পৰিচয় দিছিল, তেতিয়া তেওঁৰ কাষত কোনো দাস থিয় হৈ থকা নাছিল। 2 তাৰ পাছত তেওঁ চিঞঁৰি চিঞঁৰি ইমানকৈ কান্দিব ধৰিলে যে, মিচৰীয়সকলে তেওঁৰ কান্দোন শুনা পালে আৰু ফৰৌণৰ ঘৰত থকা লোকসকলেও শুনা পালে। 3 যোচেফে ককায়েকসকলক ক’লে, "মই যোচেফ! মোৰ পিতৃ কি এতিয়াও জীয়াই আছে?" এই কথা শুনি তেওঁৰ ককায়েকসকলে একো উত্তৰ দিব নোৱাৰিলে; কাৰণ যোচেফৰ উপস্থিতিত তেওঁলোক হতবুদ্ধি হ’ল।