3 হে ৰূবেণ,
তুমি মোৰ জ্যেষ্ঠ পুত্ৰ,
মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল;
তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
4 তুমি উতলা পানীৰ নিচিনা
হোৱা বাবে তোমাৰ প্ৰাধান্যতা
নাথাকিব; কিয়নো তুমি নিজ
পিতৃৰ শোৱা বিচনালৈ উঠি
গৈছিলা। তেতিয়া তুমি
অপবিত্ৰ কৰ্ম কৰিছিলা। সি
মোৰ শয্যালৈ উঠি গৈছিল।