অবিশ্বাসী সকলৰ উদ্দেশ্যে যীচুৰ সতর্ক বাণী
20 যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰাক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন-পালটন নকৰিলে। 21 "হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তুৰ আৰু চীদোন নগৰত কৰিলোঁ হয়, তেনেহলে বহু দিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেঁতেন আৰু ছাইত বহি মন-পালটন কৰিলেহেঁতেন। 22 কিন্তু মই আপোনালোকক কওঁ, সোধ-বিচাৰৰ দিনা আপোনালোকতকৈ তুৰ আৰু চীদোনৰ11:22 তুৰ আৰু চীদোন - লেবাননৰ দুখন চহৰ, য’ত দুষ্ট লোক সকল বাস কৰিছিল। দশা সহিব পৰা হ’ব। 23 তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন। 24 কিন্তু মই তোমালোকক কওঁ, সোধ-বিচাৰৰ দিনা তোমালোকতকৈ চদোম নগৰৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।"