36 কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰ বা পুত্ৰ বা আন কোনেও সেইদিন আৰু সময় নাজানে।
37 নোহৰ দিনৰদৰে সেইদিনা মানুহৰ পুত্ৰৰ আগমণ হ’ব। 38 কিয়নো জলপ্লাৱনৰ আগেয়ে নোহ জাহাজত সুমুৱা দিনলৈকে যেনেকৈ মানুহবোৰে ভোজন-পান কৰি বিয়া কৰাই, বিয়া দি আছিল, 39 আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰেই মানুহৰ পুত্ৰৰ আগমণ হ’ব।