হোচেয়াই গোমৰক দাসত্বৰ পৰা কিনি লোৱা
1 পাছত যিহোৱাই মোক ক’লে, "যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাবোৰৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্রেম কৰা।3:1 ‘উঠা’ মান, "কিছুমান পিঠা তৈয়াৰ কৰা"। "
2 সেয়ে মই পোন্ধৰ চেকল3:2 15 চেকল মানে, 170 গ্রাম ৰূপ। ৰূপ আৰু ডেৰ হোম3:2 এক হোমৰ মানে হ’ল, এক শস্য জোখা পাত্রৰ মাপ; প্রায় 110 লিটাৰ, বা 150 কিলোগ্ৰাম। যৱেৰে তাইক নিজৰ বাবে কিনি ললোঁ। 3 তাৰ পাছত মই তাইক কলোঁ, "তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।"