ইস্রায়েল আৰু যিহূদাৰ কঠিন মন
4 হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম?
হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম?
কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা;
অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা।
6 কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো;
মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে।