35 খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে?8:35 যো 10:27, 28 ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে? 36 এই বিষয়ে লিখাও আছে, 8:36 গীত 44:29
"আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ��
কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।"
37 তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।8:37 1 কৰি 15:57; 1 যো 5:4, 5