ঈশ্বৰৰ দাসবোৰক ছাব মৰাৰ আৰু স্বৰ্গীয় সুখৰ বৰ্ণনা
1 তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এই কাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি, পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গৰ দূত দেখিলোঁ। 2 পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে, 3 "আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, 7:3 যিহি 9:4; প্ৰ 22:4৷ তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷"
4 পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল:
5 ‘যিহূদা ফৈদৰ ছাব মৰা বাৰ হাজাৰ,
ৰুবেনৰ ফৈদৰ মৰা বাৰ হাজাৰ,
গাদৰ ফৈদৰ বাৰ হাজাৰ,
6 আচেৰ ফৈদৰ বাৰ হাজাৰ,
নপ্তালী ফৈদৰ বাৰ হাজাৰ,
মনচি ফৈদৰ বাৰ হাজাৰ,
7 চিমিয়োন ফৈদৰ বাৰ হাজাৰ,
লেবী ফৈদৰ বাৰ হাজাৰ,
ইচাখৰ ফৈদৰ বাৰ হাজাৰ,
8 জবূলূন ফৈদৰ বাৰ হাজাৰ,
যোচেফ ফৈদৰ বাৰ হাজাৰ,
বিন্যামীন ফৈদৰ ছাব মৰা বাৰ হাজাৰ’।