1 যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে,
আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
2 অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়,
কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।
3 যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে;
আৰু অপমানৰ লগত নিন্দাও আহে।
4 মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে;
প্রজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা।
5 দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়,
আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়।
6 অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে,
আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই।
7 অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে,
আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই।
8 পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে;
সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়।
9 আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে,
তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।
10 যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ;
সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
11 ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ;
আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে।
12 পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়,
কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
13 যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে,
সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
14 মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব;
কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে?