গুণৱতী স্ত্ৰীৰ বৰ্ণনা।
10 প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়?
মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক।
13 তেওঁ ঊণ আৰু শণ সূতা বাচি লয়,
আৰু সেই সূতাৰে নিজ হাতেৰে আনন্দেৰে কাম কৰে।
14 তেওঁ বণিকৰ জাহাজৰ দৰে,
তেওঁ বহুত দূৰৰ পৰা নিজৰ খোৱা বস্তু আনে,
15 তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়,
আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে,
আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে।
16 তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়;
তেওঁ নিজৰ হাতৰ শ্ৰমৰ ফলেৰে দ্ৰাক্ষাবাৰী পাতে।
17 তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে,
আৰু নিজৰ বাহু বলৱান কৰে।
18 তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে,
আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়।
20 তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে,
অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে।
24 তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে,
আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে।