Pular para o conteúdo
Publicidade

ইয়োব 1:13-19

13 এদিন ইয়োবৰ পুতেক-জীয়েকসকলে বৰককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল। 14 তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, "গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল; 15 এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।" 16 এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, "আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।" 17 সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, "কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। 18 এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, "আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল; 19 এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.