Pular para o conteúdo
Publicidade

ইয়োব 42:7,8

7 যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, "তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই। 8 এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।"

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.