Pular para o conteúdo
Publicidade

গীতমালা 100

ধন্যবাদাৰ্থক গীত।

1 হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা।

2 আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা;

আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ;

3 তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ;

তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই;

আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।

4 তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা,

তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা;

তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।

5 কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী;

তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.