Pular para o conteúdo
Publicidade

গীতমালা 131

দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত

1 হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়,

নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই,

নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহও।

2 কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলোঁ,

যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে;

মোৰ ভিতৰত থকা প্রাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে।

3 হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা,

এতিয়াৰ পৰা অনন্ত কাললৈকে।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.