Publicidade

Salmos 139

13 তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা,

তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।

14 মই তোমাৰ প্ৰশংসা কৰোঁ;

কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ;

তোমাৰ কাৰ্যবোৰ আচৰিত,

তাক মই ভালদৰেই জানো।

15 যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল,

যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ,

তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।

16 তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে,

তোমাৰ পুস্তকত সকলো লিখা আছিল;

মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-22_10-02-25-