11 তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব,
12 যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য
আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
13 তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য;
তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী145:13 কিছুমান অনুলিপি লিখা আছে যে, ‘ঈশ্বৰ তেওঁৰ সকলো প্ৰতিশ্রুতিত বিশ্বাসযোগ্য আৰু তেওঁ কৰা সকলো কৰ্মত বিশ্বাসী। ।