6 হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ,
কিয়নো তুমি মোক উত্তৰ দিবা;
মোৰ প্রার্থনালৈ কাণ পাতা, মোৰ কথা শুনা।
7 তোমাৰ গভীৰ প্রেম, আশ্চর্যভাৱে প্রকাশ কৰা;
হে ত্রাণকর্তা, শত্রুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যি সকলে তোমাত আশ্ৰয় লয়,
তুমি তেওঁলোকক তোমাৰ সোঁ-হাতেৰে ৰক্ষা কৰা।
8 চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা;
তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা;
9 যি সকলে মোৰ ওপৰত উৎপীড়ন কৰে,
সেই দুষ্ট লোকসকলৰ পৰা,
যিসকলে প্রাণ-নাশৰ কাৰণে মোক ঘেৰি ৰাখিছে,
সেই শত্রুবোৰৰ পৰা,
তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা।